দুখন ডেউকা থকা বিমানবোৰক মন'প্লেন বুলি কোৱা হয়। এই দুখন ডেউকা পিচে একক পৃষ্ঠৰেই নিৰ্মাণ কৰা হয়। আগৰ দিনৰ বিমানবোৰত দুযোৰ, তিনিযোৰ বা কেতিয়াবা তাতকৈও বেছি ডেউকা আছল। ইয়াৰ মূল কাৰণ আছিল যাতে উত্তোলনৰ (lifting) পৃষ্ঠকালি বেছি হয়। কিন্তু বেছি ডেউকা থাকিলে বেছি প্ৰতিৰোধ বা 'ড্ৰেগৰ' (Drag) সৃষ্টি হয়। সোইবাবে তেনেধৰণৰ বিমানবোৰৰ বেগ কম হয়, ইন্ধনৰ খৰচ বেছি হয়। আৰু এটা সমস্যা হ'ল এই ধৰণৰ বিমানৰ নিয়ন্ত্ৰণ ব্যৱস্থা বৰ নিৰ্ভৰযোগ্য নহয়।
প্ৰথম মহাসমৰৰ সময়ত এনেধৰণৰ বিমান ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল আৰু সেই সময়ত বিমান ঘটিত মৃতুৰে এক - তৃতীয়াংশৰো বেছি আছিল দুৰ্ঘটনাজনিতহে, শক্ৰৰ আক্ৰমণৰ বাবে নহয়।
আধুনিক বিমানত এনেবোৰ কাৰণতে ডেউকাৰ সংখ্যা কমাই কেৱল দুখনত ৰখা হৈছে। অৱশ্যে তাৰ ফলত উত্তোলনৰ পৰিমাণ কমাৰ বাবে, সেই ঘাটি পূৰণ কৰিবলৈ উচ্চ 'পাৱাৰ - টু - ৱেইট' অনুপাতৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। দ্ৰব্য বিজ্ঞানৰ বিকাশে এনে বিমান নিৰ্মাণ কৰাত যথেষ্ট সহায় কৰিছে।



0 Comments