ভালপোৱ হৈছে এনেকুৱা এটি অনুভুতি (feelings) যিটো তুমি নিবিচাৰিলেও, নজনাকৈয়ে কাৰোবাৰ কাৰনে অনুভৱ হ'ব পাৰে। অৱশ্যে অচিনাকী কাৰোবাক ভালপোৱাৰ উদ্দেশ্যে জানিবলৈ চেষ্টা কৰি কৰি শেষত বন্ধুত্বই ভালপোৱাৰ ৰূপ লোৱাটোও স্বাভাৱিক কথাই।
ভালপোৱা সেইজনৰ লগতহে হয় যিজনৰ ওচৰত থাকিলে তুমি আটাইতকৈ বেছি নিৰাপদ অনুভৱ কৰা, শান্তি লাগে, সকলো সমস্যাৰ পৰা মুক্ত যেন লাগে ক'বলৈ গ'লে safe, Secure and totally comfortable লাগে। যিজনৰ ওচৰত থাকিলে তুমি তোমাৰ আটাইতকৈ বেয়া ড্ৰেছ, বেয়া ৰূপটোত ওলাবলৈ সংকোচ নকৰা। যাৰ আগত তোমাৰ সকলো সমস্যাৰ কথা কব পাৰা আৰু তুমি জানাই যে সি কিবা নহয় এটা উপায় দিবই।
ভালপোৱা মানুহজনে তোমাক কেতিয়াও একো কাম চিধা "নকৰিবা" বুলি নকয়। হয়তু কিবা কথা বা কাম বেয়া দেখিলে সেই কামটোৰ নেতিবাচক (Negative impact) প্ৰভাৱটো বুজাই দিব, তোমাৰ কি ক্ষতি সেইটো বুজাই দিব। কিন্তু নকৰিব বুলি ক'বলৈ তেওঁ বেয়া পাব। কাৰণ তেওঁ তোমাক দুখ দিব বা hurt কৰিব নিবিচাৰে। কিন্তু তোমাৰ কিব ক্ষতি হোৱাটোও যে তেওঁ সহ্য কৰিব নোৱাৰে।
ভালপোৱা এনে এটা অনুভৱ য'ত সন্দেহৰ ভয় নাই, বিচ্ছেদৰ স্থান নাই। তুমি মোৰ হ'বই লাগিব বুলি কথা নাই। কিন্তু তুমি মোৰ পৰা হেৰাই নোযোৱা বুলি মই নিশ্চিত। তুমি হেৰাই গ'লেও আমাৰ সংযোগ (connection) টো একেই থাকিব। হয়টো দহবছৰ আমি লগ নাপাব পাৰোঁ। কিন্তু মই জানো দহবছৰৰ পাছত হঠাৎ এদিন তোমাক লগ পাই গ'লে তুমি কি ভাবি আছা মোক নকলেও গম পাই যাম।
ভালপোৱা এনেকুৱা অনুভৱ য'ত তেওঁ যেন তোমাৰ সন্তান আৰু তুমি তেওঁৰ। তেওঁ দিনটো একো নাখালে তোমাৰ বুকুত কিবা বিষ এটা হয়। তুমি পেট বিষত থাকিলে সিফালে তেওঁৰো mood off হৈ থাকে। তুমি টোপনি নোযোৱালৈকে তেওঁৰ চিন্তা "কালিলৈ এইজনীয়ে ক্লাছত টোপনিয়াব কিজানি !
ভালপোৱা এনেকুৱা অনুভৱ যত তেওঁৰ কথা আনে কিবা বেয়াকৈ কোৱাটো ভাবিবও নোৱাৰি। লুকুৱাই ৰাখিম যেন তেওঁক আটাইৰে চকুৰ পৰা। মইহে জানো তেওঁ মোৰ বাবে কি? বেলেগে কিবা কথা বেয়াকৈ ক'লে মাৰিয়েই পেলাম যেন !
ভালপোৱা এইটো অনুভৱ য'ত দুয়োজনে আন্তৰিকতাৰে ভৰা মানসিক শান্তি বিচাৰে। নিজৰ দুজনীয়া পৃথিৱীখন নিজৰ মতে গঢ়ি ল'ব বিচাৰে। য'ত দেহজ বাসনাতকৈ বেছি ভৱিষ্যতৰ মিঠা দায়িত্ববোৰ ভগাই লোৱা আয়োজন চলে।
আমাৰ বয়সত বুজিব পৰা বহুত সৰু সৰু অনুভৱৰ সমষ্টি ভালপোৱা। তুমি মোক ভালপালৈ ঘন্টা জোৰা ফ'ন নকৰিলেও হ'ব, মাহে মাহে Gifts নিদিলেও হয়, বজাৰৰ বেগ নকঢ়িয়ালেও হয়, মই কিবা খাওঁ বুলি ক'লেই আনি নিদিলেও হ'ব !
মাত্ৰ মোৰ ভুলবোৰ ভুল বুলি শুধৰাই যাব। মোৰ পাগলামি বোৰত আমনি নাপাই সহি-যাবা । মোৰ ওপৰত চকু মুদি কৰা বিশ্বাসকন ৰাখি যাবা। আৰু আটাইতকৈ ডাঙৰ কথা - জীৱনটো ৰসাল কৰি ৰাখিবা। হাঁহিবলৈ পাই থাকিলে জীৱনটো তেনেকেই কটাই দিব পাৰি বুজিছা॥॥॥॥
Thank youu
ভাল লাগিলে Share koriBo

0 Comments