১৯১০ চনৰ ডিচেম্বৰ মাহত কোপেনহেগেনত অনুষ্ঠিত 'ছ'চিয়েলিষ্ট উইমেনছ কনফাৰেন্স'ত (Socialist Women's Conference), এগৰাকী প্ৰতিনিধি ক্লাৰা জেটকিনে (Clara Zetken) প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো 'আন্তৰ্জাতিক নাৰী দিৱস' হিচাপে পালন কৰিব লাগে বুলি এক প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ গৃহীত হয় আৰু ১৯১১ চনত প্ৰথম আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। দহ লাখৰো অধিক নাৰী সমবেত হোৱা কেন্দ্ৰীয় উদযাপন সভাত বহুকেইজন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এই সভাত সকলো নাৰীক ভোটাধিকাৰ, কাম কৰাৰ অধিকাৰ আদি প্ৰদান কৰা সম্পৰ্কে কিছু দাবী উত্থাপন কৰা হয়।
নাৰীসকলক সমাজত উপযুক্ত স্থান দিয়াত আৰু ঐক্যবদ্ধ কৰি ৰখাত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনে যথেষ্ট সহায় কৰিছে।
Clara Zetken
0 Comments