ভাস্কৰ্য‍্য

ভাস্কৰ্য‍্য

         

ভাস্কৰ্য‍্য নিৰ্মাণ কৰা হয় কঠিন পদাৰ্থৰে। কাঠ, শিল, ধাতু আদি কাটি বা গলাই মূৰ্তি নিৰ্মান কৰাকে ভাস্কৰ্য‍্য বুলি কয়। আদি অৱস্থাত খোদাই কৰি ভাস্কৰ্য‍্য নিৰ্মান কৰা হৈছিল যদিও বৰ্তমান বিভিন্ন ধাতু গলাই, চিমেন্ট, প্লাষ্টাৰ অৱ পেৰিচেৰেও ভাস্কৰ্য‍্য নিৰ্মান কৰা হয়। প্ৰাচীন কালত ভাস্কৰ্য‍্য বোৰ বাগিচা বা মঠ মন্দিৰত সজোৱাৰ কামত ব্যৱহাৰ কৰা হৈছিল। পাছলৈ শিল্পী সকলে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাস্কৰ্য‍্য নিৰ্মান কৰিবলৈ লয়। বিখ্যাত ব্যক্তি সকলৰ মূৰ্তিও ভাস্কৰ্য‍্য ৰূপে নিৰ্মিত হৈছে। ইংলেণ্ডৰ মেডাম টুচুৰ সংগ্ৰহালয়ৰ বিখ্যাত ব্যক্তি সকলৰ মমৰ হুবহু মূৰ্তি সমূহ চাই কব পাৰি নিখূত ভাস্কৰ্য‍্য নিৰ্মানত কিমান পৰিবৰ্তন আহিছে।
          ভাস্কৰ্য‍্য ত্ৰিমাত্ৰিক। অৰ্থাৎ ভাস্কৰ্য‍্য ক সকলো দিশৰ পৰা চাব পাৰি। চিত্ৰকলাৰ তুলনাত ই অতি প্ৰাচীন নহয়। ভাস্কৰ্য‍্য নিৰ্মান কৰিবলৈ বিভিন্ন সামগ্ৰী আৰু সজুলিৰ প্ৰয়োজন হয়। চিত্ৰকলাতকৈ ভাস্কৰ্য‍্যৰ স্থায়িত্ব বেছি। 

Post a Comment

0 Comments