এপ্ৰিল ফুলৰ সূচনা ক'ত কেনেকৈ হৈছিল?

এপ্ৰিল ফুলৰ সূচনা ক'ত কেনেকৈ হৈছিল?

 


       ষ‍ষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্ৰান্সৰ ৰজা আছিল চাৰ্লছ। সেই সময়ত ফ্ৰান্সৰ বছৰ গণ‍না আৰম্ভ হৈছিল এপ্ৰিল মাহৰ পৰা, অৰ্থাৎ, এক এপ্ৰিল আছিল বছৰ‍ৰ প্ৰথম দিন। সেই দিনলটোক নৱবৰ্ষৰ প্ৰথম দিন হিচাপে গণ্য কৰি ফ্ৰান্সবাসীয়ে সেইদিনা ৰং-ৰহইচ কৰিছিল। সেই সময়ত ফ্ৰান্সত এটা প্ৰথা আছিল। প্ৰথাটো হ'ল ঃ বছৰ‍ৰ প্ৰথম দিনা ফ্ৰান্সৰ প্ৰতিজন প্ৰজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিব লাগিব। উপহাৰ দিয়াটো আছিল বাধ্যতামূলক। যি উপহাৰ নিদিয়ে তেওঁক শাস্তি বিহা হৈছিল। সেয়ে ইচ্ছা নাথাকিলেও সকলো প্ৰজা ৰাজপ্ৰাসাদলৈ যাব লগাত পৰিছিল। কিন্তু ১৫৬৪ চনৰ ১ এপ্ৰিলৰপৰা কথাটো বেলেগ হ'ল। ৰজা চাৰ্লছে ঘোষণা কৰিলে, 'আজিৰ পৰা জানুৱাৰীৰ ১ তাৰিখৰ পৰাহে আৰম্ভ হ'ব নতুন বছৰ।' ৰজাৰ কথা শুনি প্ৰজাৰ বৰ খং উঠিল। ইমান দূৰ-দূৰণীৰ পৰা ৰজালৈ উপহাৰ লৈ আহিছে, এতিয়া কিয় ঘুৰি যাব? প্ৰজাৰ খং ক্ৰমে বিক্ষোভলৈ পৰিণত হ'ল। ৰজাৰ নতুন নীতিৰ প্ৰতিবাদ কৰিবলৈ সকলো প্ৰজা ৰাজপ্ৰাসাদৰ ফালে আগবাঢ়িল। প্ৰজাৰ বিক্ষোভ দেখি ৰাজপ্ৰাসাদৰ এজন কৰ্মচাৰীয়ে আগবাঢ়ি আহি উত্তেজিত জনতাক উদ্দেশ্যি ক'লে, 'ৰাইজ, আপোনালোকে অলপ ধৈৰ্য ধৰি মোৰ কথা শুনক। ৰজাই আপোনালোকৰ মংগলৰ কাৰণেই নতুন আদেশ ঘোষণা কৰিছে। ৰাইজ, এক জানুৱাৰীত নতুন বছৰ আৰম্ভ হ'ব হ'য়, কিন্তু সেইদিনা প্ৰজাই ৰজাক উপহাৰ নিদিলেও হ'ব।' প্ৰজাই মন দি কৰ্মচাৰীজনৰ কথা শুনিলে। তেওঁলোকে চিন্তা কৰিলে, 'এৰা, কামটো দেখোন প্ৰজাৰ ভালৰ কাৰণেই কৰা হৈছে।' অলপ পাচতে বিক্ষোভ শাম কাটিলে। প্ৰত্যেকেই ভাবিলে, তেওঁলোকে ৰজাৰ বিৰুদ্ধে থিয় দি মূৰ্খামিহে কৰিলে, ৰজা চাৰ্লছে প্ৰত্যেক‍কেই দেখোন মূৰ্খ কৰি পেলালে। সেই দিনাৰ পৰাই এপ্ৰিল মাহৰ ১ তাৰিখটো 'মূৰ্খৰ দিন' হিচাপে পৰিগণিত হয়। কোনোবাই কয় 'অল ফুলছ ডে' বা 'এপ্ৰিল ফুল' (April Fool) ।এইদৰেই  ১৫৬৪ চনৰ পৰাই আজিলৈকে ১ এপ্ৰিলৰ দিনটো মিছা কথা কোৱা দিন হিচাপে উদযাপিত হৈ আহিছে। ফ্ৰান্সত জন্ম হ'লেও 'এপৈিল ফুল'ক ইংৰাজসকলেহে সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলে। 

Post a Comment

0 Comments