উগ্ৰপন্থী (Extremist) আৰু সন্ত্ৰাসবাদীৰ (Terrorist) মাজত পাৰ্থক্য কি?

উগ্ৰপন্থী (Extremist) আৰু সন্ত্ৰাসবাদীৰ (Terrorist) মাজত পাৰ্থক্য কি?

 
উগ্ৰপন্থী (Extremist)


          উগ্ৰপন্থী হ'ল কোনো সামাজিক বা ৰাজনৈতিক বিষয়ত চৰম মতাদৰ্শ পোষণ কৰা ব্যক্তি। তেওঁ সেই আদৰ্শৰ বাবে এক উগ্ৰ পন্থা অৱলম্বন কৰাৰ পোষতা কৰে। তাৰ বিপৰীতে এজন সন্ত্ৰা‍সবাদীয়ে লক্ষ্য বা উদ্দেশ্য পূৰণৰ বাবে বা সেইক্ষেত্ৰত কোনো কৰ্তৃত্বশীল ব্যক্তি বা চৰকাৰক বাধ্য কৰিবৰ বাবে সন্ত্ৰাস সৃষ্টিকাৰী কিছুমান কাম কৰে। সন্ত্ৰাসবাদীজন সাধাৰণতে ৰাজনৈতিক উদ্দেশ্যত পৰিচালিত হয়। যিকোনো উপায়েৰে সন্ত্ৰাস সৃষ্টি কৰি লক্ষ্যত উপনীত হোৱাই তেওঁৰ উদ্দেশ্য। উগ্ৰপন্থীজন  কিন্তু তেনে নহয়। তেওঁৰ সামজিক দায়িত্বও থাকে। তদুপৰি তেওঁৰ ভাব আৰু কৰ্ম কেৱল ৰাজনৈতিক উদ্দেশেৰে পৰিচালিত নহ'বও পাৰে। উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ মাজত এনেধৰণৰ কিছুমনা স্পষ্ট পাৰ্থক্য থাকিলেও দুৰ্ভাগ্যবশতঃ আজিকালি দুয়োটা প্ৰায় সমাৰ্থক শব্দ হৈ পৰিছে। উগ্ৰপন্থীসকলে তেওঁলোকৰ লক্ষ্য পূৰণৰ বাবে সন্ত্ৰাসবাদৰ সহায় লোৱা দেখা গৈছে।

সন্ত্ৰাসবাদীৰ (Terrorist)

Post a Comment

0 Comments