![]() |
| উৎপাদন (Production) |
উৎপাদন হ'ল কোনো প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে তৈয়াৰ কৰি উলিওৱা দ্ৰব্যৰ পৰিমাণ বা কোনো প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ এক হিচাপ কৰি উলিওৱা মান। 'উৎপাদন ক্ষমতা' হ'ল বিভিন্ন দিশৰ পৰা নিৰ্ণয় কৰা উৎপাদনৰ হাৰৰ এক মান। 'ইনপুট' সামগ্ৰীৰ পৰা 'আউটপুট' দ্ৰব্য প্ৰস্তুত কৰালৈকে ক্ষেত্ৰতো এই 'ইনপুট' - 'আউট পুট'ৰ ধাৰণাটো খাটে। এইক্ষেত্ৰত কিমান সুবিধা বা উপযুক্ত পৰিবেশ দিয়া হৈছে সেইটো হ'ব 'ইনপুট' আৰু কিমান কাম আদায় কৰিব পৰা গৈছে সেয়া হ'ব 'আউটপুট'। কি ধৰনৰ ইনপুট দিয়া হৈছে তাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা 'উৎপাদন ক্ষমতা' বা 'প্ৰডাক্টিভিটি'ৰ নামো বেলেগ বেলেগ হ'ব পাৰে। উদাহৰণ স্বৰূপে প্ৰডাক্টিভিটিৰ নাম লেবাৰ প্ৰডাক্টিভিটি, কেপিটেল প্ৰডাক্টিভিটি, লেণ্ড প্ৰডাক্টিভিটি আদি হ'ব পাৰে। অৱশ্যে এই সকলোবোৰ দিশ সামৰি এক 'সামগ্ৰিক উৎপাদন ক্ষমতা'ও হিচাপ কৰি উলিওৱা হয়।
'উৎপাদন ক্ষমতা'ৰ উচ্চমানে কোনো প্ৰতিষ্ঠানৰ দক্ষতাৰ মানো নিৰ্দেশ কৰে।
| উৎপাদন ক্ষমতাৰ (Productivity) |


0 Comments