পৃথিৱীৰ বহু মানুহৰে নিয়মীয়াকৈ চাহ খোৱাটো এটা অভ্যস যদিও কিছুমানৰ বাবে ই নিচাযেন হৈ পৰে। চাহত (লগতে কফিতো) কেফেইন নামৰ এক পদাৰ্থ থাকে। পাচনৰ পাচত এই কেফেইন ৰক্ততন্ত্ৰত প্ৰৱেশ কৰে আৰু তেজৰ দ্বাৰা শৰীৰৰ সকলো অংশতে বিস্তৃতি লাভ কৰে। কেফেইনে হৃদযন্ত্ৰক বেছি তেজ পাম্প কৰিবলৈ বাধ্য কৰে যদিও মগজুলৈ তেজৰ প্ৰবাহ কিন্তু কমাইহে তোলে। আনহাতে ই মগজুৰ চেৰিব্ৰিল কৰ্টেক্স নামৰ অংশটোত উদ্দীপনাৰ সৃষ্টি কৰি আমাক বেছি সাৱধানী কৰি তোলে।
অত্যধিক চাহ খোৱা মানুহসকলে কেতিয়াবা চাহ নাখালে তেওঁলোকৰ দেহত কেফেইনৰ পৰিমাণো কমি যায়। ফলত তেওঁ কিছু অস্থিৰ হৈ পৰে আৰু আকৌ অলপ চাহ পান কৰি কেফেইনৰ পৰিমাণ তেজত বঢ়াব খোজে। সেইসকল লোকৰ বাবে চাহ খোৱা এক অভ্যাস নহয়, বৰং নিচাহে।


0 Comments