স্কুলীয়া জীৱনৰ মাদকতা
কি যে ভাল লগা আছিল --
স্কুলীতয়া জীবনৰ মাদকতাবো
পাহৰিব নোৱাৰা এটি যেন স্মৃতি আছিল,
স্কুলীয়া দিনবোৰ
একো নাছিল তেতিয়া জীৱনটোত
মাথো আছিল
ৰং - ধেমালি আৰু ৰ্ফুতি ।
কি কি যে কৰা নাছিলো সেই দিনবোৰত
মুক্ত মনে খেলিছিলো, খাইছিলো
লগৰীয়াৰ লগত।
শিক্ষাশুৰু সকলৰ পৰা পাইছিলো এক
অফুৰন্ত মৰম আৰু ভালপোৱা
সময় যিদৰে কাৰোবাবে ৰৈ নাথাকে
সেইদৰে বোৱতী নদীৰ দৰে বৈ গ'ল
স্কুলীয়া দিনবোৰ।
অৱশেষত,
এদিন স্কুলীয়া জীৱন শেষ কৰি
কলেজীয়া জীৱনত ভৰি দিলো
এটি মিঠা আৱেগ বুকুত
সাৱটিলৈ কলেজীয়া দিনবোৰ
উপভোগ কৰিছো ।
আজিও মনত পৰে জানা,
স্কুলীয়া দিনবোৰলৈ,
আৰু.....
সেই স্কুতিবোৰে মোক ৰিঙিয়াই মাতে,
মুক্ত হৈ থকা জীৱনটো
মোক যেন আকৌ লাগে
এতিয়া মাথো ব্যস্ততা
স্কুলীয়া জীৱনৰ মাদকতাবোৰ
এবুকু মৰমে সাৱটি থৈছো
আৰু
স্মৃতি হিচাবে হৃদয়ত থাপি থৈছো
By, Namrata Konwar
like, share to support her.

0 Comments