ছবি কাক কয়?

ছবি কাক কয়?


বি হ'ল মানুহৰ চিন্তা, ভাৱনা, কল্পনা, ইচ্ছা প্ৰকাশ কৰাৰ আৰু আনক বুজোৱাৰ  এক উৎকৃষ্ট মাধ্যম । ৰং আৰু ৰেখাৰ সহায়ত মানুহে যেতিয়া নিজৰ শিল্পী মনৰ ভাৱ প্ৰকাশ কৰে সিয়ে চিত্ৰকলাৰ ৰূপ লয়। ছবিৰ মাজেদি প্ৰকাশ কৰা ভাৱ আন ব্যক্তিয়ে বুজাত অসুবিধা নহয় লাগিলে তেখেত যি ভাষীয়েই নহওক। ইয়াত দৰ্শকৰ বাবে ভাষাৰ ব্যৱধান বা বাধা নাথাকে। সেয়ে মূখৰ ভাশা নুবুজিলেও ছবিৰ ভাষা সকলোৱে আনকি নিৰক্ষৰ জনেও বুজে। ৰস লাভ কৰে। চকুৰ তৃপ্তি পায়। গতিকে চিত্ৰকলাক মই সদায় কলাৰ ভিতৰত উত্তম বুলি কৈ আহিচো। মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগে চিত্ৰকলাৰ সুচনা হৈছিল আৰু সভ্যতাৰ বিকাশৰ লগে লগে চিত্ৰকলাও সমানেই বিকাশিত হৈ আহিছে। ভাৰতত পৌৰাণিক বেদ শাস্ত্ৰ সমূহত কলাক ৬৪ টা ভাগত ভগাইছে। কথা কোৱাৰ পৰা চুলি কটালৈকে সুগন্ধি লগোৱাৰ পৰা ছবি অকালৈকে বিভিন্ন ভাগত ভগাই থৈছে। বাৎসায়নৰ কামসূত্ৰ এখন মহান গ্ৰন্থ। বহুতে মাথো কামোদ্দিপক পুথি বুলি ভাবি পঢ়িবলৈ লাজ পায়। কিন্তু এই পুথিতে সহজে বুজিব পৰাকৈ কলাৰ 64টা ভাগৰ কথা বৰ্ণোৱা আছে। যি কি নহওক আন হাতে প্ৰকৃতিৰ ৰং ৰূপ ছন্দক ছাঁ পোহৰৰ মাজেদি ৰং তুলিকা পেঞ্চিলৰ সহায়ত প্ৰকাশ কৰা অংকনকো ছবি বুলিব পাৰি। আদিম গুহাবাসীয়ে আদিমকালত গুহাৰ বুকুত ছবি আকিছিল। তেতিয়া কলম পেঞ্চিল নাছিল।

গুহাৰ বেৰত শিলেৰে ঘহি ঘহি চবি আকিছিল। সেই ছবি সমূহত তেওলোকৰ জীৱনৰ দৈনন্দিন ঘটনাৰাজী প্ৰতিফলিত হৈছিল। ব্যক্তিগত বস সমূহীয়া চিকাৰৰ দৃশ্যই বেছি অংকিত হৈছিল। সেই ছবি সমূহ চাই আজিৰ যুগৰ মানুহে সেই সময়ৰ তেওলোকৰ জীৱন ধাৰণৰ পদ্ধতি বা সেই সময়ৰ জীৱ জন্তুৰ বিষয়ে জানিব পাৰিছে। ছবি এখনে শিল্পী জনৰ আৰু দৰ্শকজনৰ সৈতে দেশখনৰ সৈতেও এক আত্মিক সমন্ধ গঢ়ি তোলে। অৱশ্যে এয়া মোৰ ধাৰণা। 

Post a Comment

0 Comments