চিত্ৰকলা

চিত্ৰকলা



         ৰেখা আৰু ৰংৰ সহায়ত শিল্পীয়ে যেতিয়া নিজৰ মনৰ ভাব প্ৰকাশ কৰে তাকে চিত্ৰকলা বুলি কয়। মানুহৰ সভ্যতাৰ আৰম্ভনিৰ লগতে চিত্ৰকলাৰো জন্ম হৈছিল। মানুহে গুহাত বাস কৰাৰ দিনৰে পৰা চিত্ৰকলাৰ চৰ্চা কৰিছিল। সেয়ে মানুহৰ ক্ৰম বিকাশৰ লগে লগে চিত্ৰকলাই প্ৰতিনিতে নতুন ৰূপ লভিছিল। বিভিন্ন সময়ত বিভিন্ন শিল্পীৰ হাত‍ত ব্যক্তিগত বা গোষ্ঠীগত ভাবে চিত্ৰকলাই নতুন নতুন শৈলী লাভ কৰিছিল। গুহা ছবিৰ পৰা ফ্ৰেস্কোলৈকে আৰু ফ্ৰেস্কোৰ পৰা কিউবিজমলৈকে না না শৈলীৰ উদ্ভাৱন হৈ আহিছে ভৱিষ্যতেও তেনেদৰেই না না শৈলী বা প্ৰয়োগ উদ্ভাৱন হৈ থাকিব। 
              আদিতে গুহা বাসীয়ে গুহাৰ বেৰত ছবি আছিল ৰঙীণ কাঠ, শিল, বা মাটিৰে। প্ৰাকৃতিক ভাৱে পোৱা অনান্য খনিজ পদাৰ্থও ছবিআঁকিবলৈ ব্যৱহাৰ কৰিছিল। গুহা চিত্ৰ সমূহ অতি সহজ সৰল আছিল। এইবোৰ চিত্ৰ‍ৰে মনৰ ভাৱো প্ৰকাশ কৰিছিল। অৱসৰ‍ৰ সময়ত এনেধৰণে ছবি আকিঁ মনক তৃপ্ত কৰিছিল। পিছলৈ ঈশ্বৰ বিশ্বাসো চিত্ৰ বিয‍য় হৈ পৰিছিল। পাছলৈ অতীজ মানৱে বেৰ‍ৰ উপৰিও কাঠ বা শিলৰ ফলকতো চিত্ৰ আঁকি বলৈ শিকিছিল। সেইবোৰ‍ৰ লগে লগে ৰঙ কৰাৰ কৌশলো আয়ও কৰিছিল। 


            প্ৰাচীন মিছৰীয় সভ্যতা, সিন্ধু উপত্যকাৰ সভ্যতা, বেবীলনীয়, গ্ৰীচ, চীন বা ইনকা সভ্যতাত চিত্ৰকলাৰ ব্যাপক উৎকৰ্ষ সাধন হৈছিল। চিত্ৰ‍ৰ পৰাই লিপিৰ উদ্ভাৱন হৈছিল বুলি কয়। অতীজৰে পৰা মানুহে চিত্ৰকলাৰ প্ৰতি অনুৰাগ দেখুৱাই আহিছে। মধ্য‍যুগত ৰজা মহাৰজা বা সমাজৰ সম্ভ্ৰান্ত শ্ৰেনীটোৱে চিত্ৰকলাৰ পৃষ্ঠপোষকতা কৰিছিল। চিত্ৰ শিল্প আৰু শিল্পীৰ সন্মান আছিল। তেওঁলোকৰ স্বাধীনতাক সন্মান জনোৱা হৈছিল।
           চিত্ৰ অঁকা হয় সাধাৰণতে সমতল মাধ্যমত। কাগজ, কেনভাচ প্ৰাচীৰ ইত্যাদিত। ৰং পেঞ্চিল তুলিকা চিত্ৰকলাৰ প্ৰধান সামগ্ৰী। চিত্ৰকলা এক বা দ্বিমাত্ৰিক হব পাৰে। অৰ্থাৎ চিত্ৰকলাক এটা ফালৰ পৰাহে চাব পাৰি। চিত্ৰকলাৰ বয়স অতি প্ৰাচীন। চিত্ৰকলাত ছাঁ পোহৰ আৰু পৰিপ্ৰেক্ষিতৰ (অনুপাতবোধ) প্ৰয়োগ কৰা হয়।

Post a Comment

0 Comments