এখন গাড়ীৰ বেটাৰী দুৰ্বল হ'লে ষ্টাৰ্ট নহয়। কিন্তু ঠেলিলে ষ্টাৰ্ট হয় কিয়?

এখন গাড়ীৰ বেটাৰী দুৰ্বল হ'লে ষ্টাৰ্ট নহয়। কিন্তু ঠেলিলে ষ্টাৰ্ট হয় কিয়?

     

এটা অন্তৰ্দহন ইঞ্জিন (Internal combustion engin গাড়ীৰ ক্ষেত্ৰত যি প্ৰকাৰ‍ৰ ইঞ্জিন ব্যৱহাৰ কৰা হয়।) ষ্টাৰ্ট কৰিবৰ সময়ত ক্ৰেংকছেফট‍টো (Crankshaft) প্ৰথমে ঘূৰাব লগে। ইয়াক ক্ৰেংকিং (Cranking) বোলা হয়। ক্ৰেংকছেফট‍টো ঘূৰিলে তাৰ গতি জড়তা শক্তিৰ ফলত ভালভ, ডাইনামো/অলটাৰনেটৰ, ফুৱেল ইনজেক্টৰ আদিও কাৰ্যক্ষম হৈ উঠে আৰু ফলত ইঞ্জিনটো ষ্টাৰ্ট হয়। সাধাৰণতে ক্ৰেংকছেফট‍টো এটা মটৰেৰে ঘূৰোৱা হয় আৰু এই মটৰটোক শক্তি যোগান ধৰে বেটাৰীয়ে। বেটাৰীৰ শক্তি কমি আহিলে ই মটৰটোক, ক্ৰেংকছেফট‍টো ঘূৰাব পৰাকৈ প্ৰয়োজনীয় শক্তিৰ যোগান দিব নোৱাৰে। আনহাতে অলপ ঠেলি গিয়েৰডাল লগাই দিলে (অৰ্থাৎ গিয়েৰত ঠেলিলে) গিয়েৰে চকাৰ গতিশক্তিক ইঞ্জিনৰ লগত সংযোগ কৰি দিয়ে আৰু ইঞ্জিনে প্ৰয়োজনীয় শক্তি পোৱাৰ ফলত 'ক্ৰেংকিং' কামটো সম্পন্ন হয়। সেইবাবে গাড়ীৰ ইঞ্জিনটো ষ্টাৰ্ট হৈ যায়। 
         পেট্ৰ'ল ইঞ্জিনৰ ক্ষেত্ৰ‍ত স্পাৰ্ক প্লাগবোৰ ডাইনামোৰ লগতহে সংযুক্ত হৈ থাকে, বেটাৰীৰ লগত নাথাকে। ক্ৰেংকিঙৰ ফলত ডাইনামোটোও ঘূৰে আৰু বিদ্যুৎ শক্তি উৎপন্ন হয়। গতিকে প্লাগটো স্পাৰ্কিং হয় (বা স্ফূলিংগ সৃষ্টি হয়।) সেইবাবে ইঞ্জিনৰ পৰ্যায় (stroke) বোৰ আৰম্ভ হৈ যায়। এবাৰ আৰম্ভ হৈ যোৱাৰ ক্ষেত্ৰত অৱশ্যে ডাইনামোৱে এই কাম কৰাৰ প্ৰয়োজন নাই। ক্ৰেংকিঙে ফুৱেল ইনজেকশ্যান, ভালভ অপাৰেচন আদি কাম আৰম্ভ কৰি দিয়াৰ ফলত ইঞ্জিনটো ষ্টাৰ্ট হৈ যায়।

Post a Comment

0 Comments