গ্ৰীকসকলে কোনো থিয়েটাৰ হলত কাৰোবাক প্ৰশংসা কৰিবলৈ হ'লে হৰ্ষধ্বনি কৰিছিল আৰু হাত চাপৰি দিচিল। ৰোমানসকলেও হাত চাপৰি মাৰি সাধুবাদ দিছিল আৰু একে উদ্দেশ্যত আঙুলিৰে মাৰিছিল।
সপ্তদশ শতিকাত সুহুৰি বজোৱা, ভৰিৰে মাটিত শব্দ কৰা আৰু হাত চাপৰি বজোৱাক প্ৰশংসা জনোৱাৰ শুদ্ধ উপায় হিচাপে গণ্য কৰা হৈছিল। বৰ্তমানৰ মনোবিজ্ঞানীসকলৰ মতে সকলোতে যে হাত চাপৰি মৰাক প্ৰশাংসা জনোৱাৰ এক পদ্ধতি হিচাপে মানি লোৱা হৈছে তাৰ এক মনোবৈজ্ঞানিক কাৰণো আছে। আচলতে দৰ্শকশ্ৰোতাই প্ৰদৰ্শনকাৰী ব্যক্তজনৰ পিঠিত মৃদু থাপৰ এটা দি প্ৰশংসা জনোৱা ইচ্ছা এটা পুহি ৰাখে। কিন্তু সেই মুহূৰ্তত যেতিয়া সেইটো সম্ভৱ নহয়েই, সেইবাবে নিজৰ হাততে থাপৰ এটা দি সেই ইচ্ছা পূৰণ কৰে। অন্তৰ্জগতত সৃষ্টি হোৱা উত্তেজনা বা আনন্দ প্ৰকাশৰো এক উপায় হ'ল হাত চাপৰি মৰা। এনে ধৰণৰ মুহূৰ্তত সৰু ল'ৰা-ছোৱালী আৰু চিম্পাঞ্জীবোৰে স্বতঃস্ফূৰ্তভাৱে হাত চাপৰি বজোৱা দেখা যায়। প্ৰশংসাসূচক হাত চাপৰি বজাবৰ বাবে মানুহে ভাৰা দি ৰখা প্ৰথাৰো অতীজৰ পৰা প্ৰচলন আছিল। ৰোমান সম্ৰাট নিৰোৱে এনে ৫০০০ বৃত্তিধাৰী হাত চাপৰি বজোৱা লোকক ধন দি ৰাখিছিল। তেওঁলোকৰ কাম আছিল নিৰোৰ ৰাজহুৱা উপস্থিতিক হাত চাপৰি দি সমৰ্থন জনোৱা। তাৰ বাবে সেই মানুহবোৰে হাত ফোপোলা কৰি আৰু হাত পোন কৰি দুই ধৰণৰ হাত চাপৰিৰ প্ৰশিক্ষণ ল'বলগীয়া হৈছিল। ফ্ৰান্সতো কিছু লোকক টকা-পইচা দি দৰ্শকক মাজত বহুৱাই থোৱাৰ প্ৰথা প্ৰচলন আছিল। সেই সকলৰ কাম হ'ল হকে-বিহকে টকা দিওতাজনৰ স্বােৰ্থত হাত চাপৰি মৰা!


0 Comments