আমি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাল‍লৈ লিখো বা কিতাপ-পত্ৰসমূহো তেনেধৰণৰেই পঢ়িবলৈ ছপা কৰা হয়। ইয়াৰ কাৰণ কি?

আমি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাল‍লৈ লিখো বা কিতাপ-পত্ৰসমূহো তেনেধৰণৰেই পঢ়িবলৈ ছপা কৰা হয়। ইয়াৰ কাৰণ কি?

 

    ইংৰাজ বৰ্ণমালাৰ ২৬ টা আখৰ মধ্য‍যুগতহে সুনিৰ্দিষ্ট কৰা হৈছিল। কিন্তু ইয়াৰ মূল বৰ্ণসমূহ প্ৰকৃত‍তে কেইবা হাজাৰ বছৰ পূৰ্বেই উদ্ভাৱন কৰা হৈছিল। এই মূল বৰ্ণমালাৰ উদ্ভাৱক আছিল ফিনিচিয়ানসকল। তেওঁলোকে ভূমধ্য সাগৰ‍ৰ পূব পাৰত (এতিয়াৰ লোবান‍ন) বাস কৰিছিল। প্ৰাচীন মিছৰ‍ৰ চিত্ৰলিপিতকৈ ফিনিচিয়ানসকলৰ এই বৰ্ণমালা যথেষ্ট বিকশিত আছিল। খ্ৰীষ্টপূৰ্ব ১০০০-ৰ পৰা ৯০০-ৰ ভিতৰত গ্ৰীকসকলে ফিনিচিয়ান সদাগৰসকলৰ পৰা এই বৰ্ণমালা গ্ৰহণ কৰে আৰু নিজৰ ভাষাত ব্যৱহাৰ কৰিবলৈ লয়। ফিনিচিয়ানসকলে সোঁফালৰ পৰা বাওঁফাল‍লৈ লিখিছিল। প্ৰথম পৰ্যায়ৰ গ্ৰীক ৰচনাবোৰ তেনেধৰণেৰেই লিখা হৈছিল। কিন্তু তাৰ পাচত তেওঁলোকে বউষ্ট্ৰ'ফেডন (Boustrophedon, হাল বোৱাৰ দৰে ঘূৰা) নামৰ এক কৌশল ব্যৱহাৰ কৰিলে আৰু এবাৰ সোঁফালৰ পৰা, সিবাৰ বাওঁফালৰ পৰা লিখিবলৈ ল'লে। খ্ৰীষ্টপূৰ্ব ৫০০ মানত হঠাতে বাওঁফালৰ পৰা সোঁফাল‍লৈ লিখা পৰম্পৰা আৰম্ভ হ'ল। তাৰ কাৰণ এইটোও হ'ব পাৰে যে নতুন ধৰণৰ খাগৰীৰ কলমেৰে তেনেদৰে লিখাত সুবিধা হয়। সেই নিয়মেই পাচলৈ প্ৰায়বোৰ ভাষাতে থাকি গ'ল ।

Post a Comment

0 Comments