ভাৰতীয় সংবিধানৰ ৩৬৬(২) ধাৰাত এজন এংলো ইণ্ডিয়ানৰ সংজ্ঞা এনেদৰে দিয়া হৈছে, 'যিজন ব্যক্তিৰ পিতৃ বা পিতৃ বংশৰ কোনো লোক ইউৰোপীয়, কিন্তু ব্যক্তিজনৰ জন্ম ভাৰতত হৈছে বা ভাৰতত স্থায়ীভাৱে থাকি ডাঙৰ -দীঘল হৈছে তেওঁক 'এংলো-ইণ্ডিয়ান' বুলি কোৱা হ'ব। আনহাতে যদি তেনে পিতৃ-মাতৃ বিদেশত থাকোতে তাতে ব্যক্তিজনৰ জন্ম হৈছে, অথচ বিদেশত তেওঁলোকৰ স্থায়ী বাসবাস নাই, বৰং ভাৰততহে আছে, তেন্তে সেই ব্যক্তজনকো এংলো-ইণ্ডিয়ান বুলি কোৱা হ'ব।'
ভাৰতীয় সমাজত এংলো-ইণ্ডিয়ানসকলৰ অৱস্থান অলপ আচহুৱা ধৰণৰ হোৱা বাবে তেওঁলোকৰ যথোপযুক্ত প্ৰতিৰক্ষা আৰু উন্নয়নৰ বাবে কিছুমান বিশেষ ব্যৱস্থা ৰখা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি অনুভৱ কৰে যে সংসদত তেওঁলোকৰ প্ৰতিনিধিত্ব কম হৈছে তেন্তে তেওঁ সৰ্বাধিক দুজন এংলো-ইণ্ডিয়ান সদস্য ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে। ৰাজ্যসমূহৰ ক্ষেত্ৰতো, ৰাজ্যপালে প্ৰয়োজনবোধ কৰিলে তেওঁলোকৰ বাবে বিধানসভাত অন্ততঃ এখন আসনৰ ব্যৱস্থা কৰিব পাৰে।


0 Comments