পুলিচ (আৰক্ষী) থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ' চি) লৈ চুৰিৰ বিষয়ে অভিযোগ।

পুলিচ (আৰক্ষী) থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ' চি) লৈ চুৰিৰ বিষয়ে অভিযোগ।


প্ৰতি

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

পো:অ: উজান বজাৰ, গুৱাহাটী।

                                                                                        বিষয়: সঘনাই হোৱা চুৰি।

মহাশয়,

    সন্মান পূৰ্ব্বক আমি আমবাৰী অঞ্চলৰ সমূহ বাসিন্দাই আপোনাক জনাব খোজোঁ যে এই অঞ্চলটো তুলনামূলকভাবে চুৰি ঘটনাৰ পৰা মুক্ত আছিল। ইয়াৰ কাৰণ হ'ল লতাশিল থানাৰ পৰা নিশা পহৰা দিয়া ব্যৱস্থা আছিল। কিন্তু আজি কিছুদিনৰ পৰা আৰক্ষীৰ পহৰা ব্যৱস্থা বন্ধ হোৱাত এই অঞ্চলত চুৰিৰ ঘটনা হ'বলৈ পাইছে। অলপতে এঘৰ‍ৰ পৰা এখন চাইকেল আৰু আন এঘৰ‍ৰ পৰা এখন স্কুটাৰ চুৰি হৈছে। এনে ধৰণৰ চুৰিৰ ঘটনাই আমবাৰী বাসীক ভ‍বাই তুলিছে।

    গতিকে, আমবাৰীবাসীৰ আপোনাৰ ওচৰত কাতৰ অনুৰোধ যাতে পূৰ্বৰ দৰেই নিশাৰ ভাগত টহলদাৰী ব্যৱস্থা পুনৰ আৰম্ভ কৰে। আমাৰ বিশ্বাস তেনে কৰিলে চুৰিকাৰ্য‍্য পুনৰ সংঘটিত নহয়।

তাৰিখ: ৩১/১২/২০১০                                                                  ধন্যবাদ---

স্থান: আমবাৰী, গুৱাহাটী                                                                  আপোনাৰ বিশ্বাসী
        
                                                                                                      শ্ৰীদয়াময় চোধুৰী, শ্ৰীঅমিয় দাস,                                                                                                                  শ্ৰীঅনিল চৌধুৰী আৰু বহুতো

For English 

animated-click-here-sign-and-button-image-0010

Post a Comment

0 Comments