পৌৰসভাৰ অফিচাৰ নাম ঠিকনা) তাৰিখ---
মহাশয়,
আমি....... নম্বৰ ওৱাৰ্ডৰ বাসিন্দা। আজি বহুদিন ধৰি আমি পানীৰ অভাৱ ভোগ কৰি আহিছে। বৰ্তমান আমাৰ ইয়াত যি পৰিমাণৰ পানী যোগান ধৰা হয় সেইখিনি আমাৰ প্ৰতিদিনৰ প্ৰয়োজনৰ তুলনাত যথেষ্ট নহয়। আমাৰ বহুতেই নিত্য ব্যৱহাৰৰ বাবে আৱশ্যকীয় পানী দূৰৰ পৰা আনিব লাগে।
বছৰৰ প্ৰায় সকলো সময়তে আমি পানীৰ অভাৱ ভোগ কৰিবলগীয়া হয়, কিন্তু গ্ৰীষ্মকালত এই অভাৱ আৰু বেছি হয়। প্ৰথমতে আমি আশা কৰিছিলো আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব। কিন্তু আমি ঠিকমতে টেক্স দিয়া সত্বেও পানী যোগান ব্যৱস্থাৰ কোনো উন্নতি পৰিলক্ষিত হোৱা নাই। দিনে দিনে পানীৰ কষ্ট বাঢ়িহে গৈছে। সেয়েহে আপোনাৰ/আপোনালোকৰ ওচৰত আমাৰ বিনীত অনুৰোধ এই যে, যিমান সোনকালে সম্ভৱ এই অঞ্চলত পৰ্য্যাপ্ত পৰিমাণৰ পানী যোগানৰ ব্যৱস্থা কৰিব।
আমি নিশ্চিত যে, এই আবেদন পোৱাৰ পিছত পানী যোগানৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ইতি
আপোনাৰ/আপোনালোকৰ বিশ্বাসী
.................................


0 Comments