চুপাৰিণটেনডেণ্ট সমীপেষু,
চিকিৎসা মহাবিদ্যালয় হস্পিটেল,
গুৱাহাটী। সমীপেষু
বিষয়: হস্পিটেল ৱাৰ্ডত সু-চিকিৎসা, চাফ-চিকুনৰ অভাৱ।
মহাশয়,
সন্মান পূৰ্ব্বক ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত সু-চিকিৎসা বিচাৰি দূৰ দূৰণিৰ পৰা ৰোগী আহে। কিন্তু হস্পিটেল এখনত যি সা-সুবিধা, চাফা-চিকুণ, পৰিপাটি আশা কৰা যায় তাৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়। আনকি কৰ্মৰত নাৰ্চ, ৱাৰ্ডবয় আদিৰ সেৱাও সন্তোষজনক নহয়। ৱাৰ্ডবোৰ, বাথৰুম আদিত পৰিষ্কাৰৰ অভাৱ। এনে লেতেৰা পৰিবেশত ৰোগীক ৰখাটো মুটেই নিৰাপদ নহয়।
গতিকে আপোনাক জনাব খোজোঁ যে আপুনি অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা কৰি ৰোগী আৰু অভিভাৱকক সকাহ প্ৰদান কৰিব। এয়ে আপোনাৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা।
তাৰিখ: ২৮/১১/২০২০ ইতি---
স্থান: গুৱাহাটী আপোনাৰ বিশ্বাসী,
শ্ৰীহাৰিচন্দ্ৰ দাস, শ্ৰীগুণধৰ ডেকা, শ্ৰীৰমেন বৰুৱা


0 Comments