*_বিদায় বেলাৰ কথোপকথন "Morisika"_*
Story by Deepayan Mahanta
Art by Pranab (Rhino Painter studio)
: "খং ?"
: "উমহু ! নহয় !"
: "অভিমান ?"
: "না ! নহয় !"
: "তেন্তে ?"
তাইৰ প্ৰাত্যহিক মূখখনৰ অপ্ৰাত্যহিক আচৰণ যেন সি বুজিব পৰা নাছিল। প্ৰেমৰ উন্মুক্ত সোঁতৰ মাজসাগৰত ব'ঠা বাই সিহঁতে যেন পৰস্পৰে পৰস্পৰক প্ৰথম দেখাৰ দৰে অনুভৱ কৰিছিল।
: "খং, অভিমান, এইবোৰ তো তেওঁকহে দেখুৱাই ভাল লাগে যোনে মোক ভাল পায়।"
: "মানে কি ? মই তোমাক ভাল নাপাওঁ ?"
: "তুমিহে জানিবা; অতদিনে তো খা-খবৰ এটাও নাই। আজি মই যাবলৈ লওঁতেহে আহি ওলাইছা...."
: "আচলতে.....আচলতে তোমাৰ মূখা-মূখি হ'ব পৰাৰ সাহস মোৰ তিলমানো নোহোৱা হৈ পৰিছিল।"
: "কিয় ?"
: "তোমাৰ সেই চকুপানী মই সহ্য কৰিব নোৱাৰিলো হয়। তুমি এনেকৈ যাবা বুলি জানি তোমাক আৰু আমনি কৰিবৰ মন নগ'ল অ'..."
: "মই তো এদিন যাব গৈয়েই লাগিব।"
: "কিন্তু...."
: "কিন্তু কি ?"
: "নাই....একো নাই !"
কিবা এটা ক'ব খুজিও যেন সি থমকি ৰ'ল। মাথোঁ চাই ৰ'ল সি তাইৰ উজ্জ্বল দুচকুত। তাইও দিব্যাত্মা সদৃশ উজ্জ্বলতাৰে কৈ গ'ল স্বতঃস্ফুৰ্তভাৱে।
: "চোৱা....মই এতিয়া যাবলৈ ওলালো। সেইবুলি তুমি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব ? মই আজি যাম গৈ কিন্তু এদিন তো আমি এক নতুন ঠাইত আকৌ লগ পাম। তোমাৰ মা-দেউতা আছে ঘৰত; তেওঁলোক তো তুমিয়েই চাব লাগিব ন ? অবুজ নহ'বা চোন....কথাবোৰ প্ৰাত্যহিকভাৱে আৰু সৰলতাৰে বুজিবলৈ চেষ্টা কৰা, কাৰণ ইয়েই হৈছে চিৰন্তন সত্য।"
হঠাৎ যেন তাৰ গাতো জিকাৰ খাই উঠিল। আৰু তেনেদৰেই ম্লান পৰিল এহাল উন্মুক্ত প্ৰেমাত্মাৰ অচিন কথোপকথনৰ।
অবাস্তৱিকতাক নেওচি সি যেন হুকহুকাই উঠিল যেতিয়া ICU -ৰ বেডত থকা তাইৰ নিথৰ উজ্জ্বল দেহটি চিতাৰ জুইত দপদপাই জ্বলি উঠিল॥
*****************************
~ _দীপায়ন মহন্ত_

0 Comments