ড্ৰইং বা নক্সা

ড্ৰইং বা নক্সা


 ড্ৰইং
- ড্ৰইং মানে এটা বস্তু বিষয়ক আকাৰ বা আকৃতি দিয়া কাৰ্য্য। ড্ৰইংকে নক্সা বুলি কয়। ড্ৰইংৰ মাজেদিয়েই শিল্পীৰ নিজা বৈশিষ্ট, নিজা শৈলী আৰু নিজা ভাৱ, কল্পনা প্ৰকাশ কৰা হয়। ছবি অকাৰ প্ৰাথমিক শিক্ষাই হ'ল ড্ৰইং। সাধাৰণতে ড্ৰইংক ৰেখাৰ ক্ৰিয়া বুলি ধৰা হয়। যি ক্ৰিয়াই বিষয় বস্তুৰ সীমাৰেখা স্পষ্ট কৰি দিয়ে। একেলগে থুপ খাই থকা বিভিন্ন বস্তুক এই ক্ৰিয়াৰ দ্বাৰা পৃথকে পৃথকে দেখুৱাব পাৰি। ড্ৰইং হ'ল সেই কাম যাৰ দ্বাৰা মনৰ ভাৱ, কল্পনা, বাস্তব দৃশ্য বা ঘটনা শিল্পীয়ে ৰেখাৰ সহায়ত ফুটাই তোলে। ড্ৰইংৰ সম্ৰাট কোৱা হয় ৰেমব্ৰান্টক। তাৰোপৰি পিয়াৰো ডেল্লা ফ্ৰান্সিচকা, বতিৰেল্লি, লিউনাৰ্ডো ড্য ভিঞ্চি, মাইকেল এঞ্জেলো, তিশান, ৰাফেল আৰু ভাৰতৰ অবনীন্দ্ৰ নাথ ঠাকুৰ ইত্যাদি সকলে অনবদ্য ড্ৰইং চিত্ৰজগতত‍ দি গৈছে।

ড্ৰইং হ'ল ছবি অকাৰ প্ৰথম পদক্ষেপ। শিশু সকলে প্ৰথমে ড্ৰইংৰ মাধ্যমেদিয়েই দৃশ্যমান বস্তু বিলাকৰ আকৃতিগত পাৰ্থক্যৰ বিষয়ে জানি লব পাৰে। বিশ্বৰ যিমান বিলাক দৃশ্যমান বস্তু আছে সেই বিলাকৰ সম্যক জ্ঞান, আকৃতিগত পাৰ্থক্য ড্ৰইংৰ মাজেদিয়েই জানি লোৱা উচিত। এটা বস্তুৰ আকৃতি অন এটা বস্তুৰ সৈতে নিমিলে। তেনেদৰে সেই দুইটা বস্তুৰ ড্ৰইঙো পৃথক হব। দৃশ্যমান বস্তু বুলি কলে বিভিন্ন বস্তুৰ লগতে মানুহকো ধৰিব লাগিব। প্ৰতিজন মানুহৰো আকৃতিৰ লগতে স্বভাৱ চৰিত্ৰও ভিন্ন হয়। কিন্তু আন জীৱ জন্তুৰ ক্ষেত্ৰত এনে নহয়।  


Post a Comment

0 Comments