অলিম্পিক ক্ৰীডা কিয় চাৰি বছৰ‍ৰ মূৰে মুৰে অনুষ্ঠিত হয় ?

অলিম্পিক ক্ৰীডা কিয় চাৰি বছৰ‍ৰ মূৰে মুৰে অনুষ্ঠিত হয় ?


প্ৰাচীন অলিম্পিক ক্ৰীড়াৰ জন্মৰ ইতিহাস ধূসৰ যদিও, এইটো কথা মনা গৈছে খ্ৰীষ্টপূৰ্ব ৭৭৬ - ৰ পৰা এই ক্ৰীড়া প্ৰায় ‍১০০০ বছৰ ধৰি, প্ৰতি চাৰি বছৰ‍ৰ মূৰে মূৰে অনুষ্ঠিত হৈছিল। গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত এই ক্ৰীড়াই গ্ৰীচত অতি গুৰুত্ব পাইছিল। খেলত বিজয়ীসকল ৰাতিৰ ভিতৰতে বীৰ হৈছিল।
       অ‍লিম্পিয়াত এই প্ৰাচীন অলিম্পিক প্ৰতি চাৰি বছ‍‍‍ৰ‍ৰ মূৰে মূৰে পতা হৈছিল। দুখন অলিম্পিক ক্ৰীড়াৰ মাজৰ সময় ব্যৱধানক (অৰ্থাৎ চাৰি বছৰক) এক অলিম্পিক নামেৰে জনা গৈছিল। গ্ৰীচত  আনকি সময় গণ‍নাও অলিম্পিয়াডৰ হিচাপতহে কৰা হৈছিল। 

        ১৮৯৬ চনত যেতিয়া আয়োজকসকলে প্ৰথম আধুনিক অলিম্পিক পাতিলে, তেতিয়া তেওঁলোকেও পূৰ্বৰ পৰম্পৰা অনুযায়ী চাৰি বছৰ‍ৰ মূৰে মূৰে এই ক্ৰীড়া সমাৰোহ পতাৰ সিদ্ধান্ত ল‍লে। অৱশ্যে প্ৰাচীন অলিম্পিকৰ ক্ষেত্ৰত আন এটা নিয়ম আহিল যে এই ক্ৰীড়া চলি থকা সময়ত কোনো যুদ্ধ - বিগ্ৰহ হ'ব নোৱাৰিব। সেই নীতি কিন্তু আধুনিক অলিম্পিক সংস্থাই মানিব (বা মনাব) নোৱাৰিলে। বৰং দুখন মহাসমৰৰ সময়ত অলিম্পিকহে ব্ন্ধ ৰখা হ'ল !

Post a Comment

0 Comments