
'চাইটিয়াছ - আলটিয়াছ - ফাৰটিয়াছ'ৰ অৰ্থ হ'ল : বেগবান, ঊৰ্ধৱান আৰু বলৱান (Faster - Higher - Stronger)। পেৰিছৰ এখন স্কুলৰ প্ৰধান শিক্ষক ৰেভাৰেণ্ড ফাদাৰ ডিডোনে ( Rev. Father Didon) এই শব্দ বিন্যাস সৃষ্টি কৰিছিল। তেওঁ এজন মহান ক্ৰীড়ানুৰাগী আৰু ক্ৰীড়া সংগঠক আছিল।এই শব্দ তিনিটা তেওঁ নিজৰ স্কুল, ক্লাবৰ পতাকাত লিখি থৈছিল। ক্ৰীড়াৰ দৰ্শনক সুন্দৰভাৱে প্ৰতিফলিত কৰা শব্দকেইটা আধুনিক অলিম্পিকৰ জন্মদাতা আৰু ফাদাৰ ডিডোনৰ বন্ধু বেৰন পিয়েৰ ডি কুবাৰটিনৰ বৰ পছন্দ হ'ল। তেওঁৰ পৰামৰ্শমতেই ১৮৯৪ বনত ২৩ জুনত, 'ইণ্টাৰনেচনেল কংগ্ৰেছ ফৰ দা ষ্টাডি এণ্ড প্ৰপাগেচন অব্ দা প্ৰিন্সিপলছ্ অব্ এমেচাৰিজম'ৰ অধিৱেশনত এই খণ্ডবাক্যটো হ'বলগীয়া আধুনিক আলিম্পিকৰ মূলমন্ত্ৰ হিচাপে গৃহীত হয়। এই দিনটোতে অলিম্পিক পুনৰ পতাৰ সিদ্ধান্ত লোৱা হয় আৰু ইন্টাৰনেচনেল অলিম্পিক কমিটী গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়।


0 Comments