গ্ৰেট ব্ৰিটেইন আৰু জাঞ্জিবাৰৰ (এতিয়া টাঞ্জানিয়াৰ অংশ) মাজত লগা এখন যুদ্ধ মাত্ৰ ৩৮ মিনিট সময় ধৰিহে চলিছিল। যুদ্ধখন সংঘটিত হৈছিল ১৮৯৬ চনৰ ২৭ আগষ্টত। এই যুদ্ধখনেই পৃথিৱীৰ আটাইতকৈ কম সময়ৰ যুদ্ধ। সেইদিনা পুৱা ৯:০২ বজাত জাঞ্জিবাৰৰ চুলতান খালিদ বিন বাৰগাছে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। প্ৰত্যুত্তৰত ইংৰাজে যুদ্ধ জাহাজেৰে চুলতানৰ প্ৰাসাদলৈ গোলাবৰ্ষণ কৰে। ৩৮ মিনিটৰ পাচত ৯:৪০ বজাত ইংৰাজৰ বিৰুদ্ধে তিষ্ঠিব নোৱাৰি চুলতানে চুলতানক আত্মসমৰ্পণ কৰে আৰু যুদ্ধৰো সিমানতে সামৰণি পৰে। ইয়াৰ আগতে ব্ৰিটিছ ৰিয়েৰ এডমিৰেল হেৰি হোল্ডছৱৰ্থ ৰওছেনে চুলতনক আত্মসমৰ্পণ কৰিবলৈ আৰু তেওঁৰ প্ৰাসাদ ত্যাগ কৰিবলৈ চৰমসীমা বান্ধি দিছিল। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত সেয়া হৈ নুঠাত আৰু চুলতানে যুদ্ধ ঘোষণা কৰাত গোলাবৰ্ষণৰ যোগেদি যুদ্ধখন আৰম্ভ হয়। এই সীমিত সময়ৰ যুদ্ধত জাঞ্জিবাৰৰ "গ্লাছগো নামৰ জাহাজখন সাগৰত ডুব যায় আৰু প্ৰায় পাঁচশ সৈন্য হতাহত হয়।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS


0 Comments