এডছন আৰেনটিছ দো নাছিমেন্টোক কিয় 'পেলে' নামেৰে জনা যায়?

এডছন আৰেনটিছ দো নাছিমেন্টোক কিয় 'পেলে' নামেৰে জনা যায়?

       

            ব্ৰাজিলৰ প্ৰাক্তন ফুটবল খেলুৱৈ এডছন আৰেনটিছ দো নাছিমেন্টা (Edson Arantis d Nascimento) বোধকৰো বিশ্বৰ ফুটবল জগতৰ আটাইতকৈ বেছি প্ৰতিভাসম্পন্ন আৰু প্ৰখ্যাত খেলুৱৈ। কিন্তু সকলোৱে তেওঁক 'পেলে' নামেৰেহে জানে। ১৯৪০ চনত ২৩ অক্টোবৰত এক দুখীয়া কৃংষ্ণবৰ্ণ পৰিয়ালত পেলেৰ জন্ম হয়। সৰু কালত তেওঁক ডিকো নামেৰেহে জনা গৈছিল। কিশোৰ অৱস্থাত তেওঁ পেলাডা (Pelada, ৰাস্তাত খেলা ফুটবল খেল) খেলত বেছ পাৰদৰ্শিতা দেখুৱাইছিল আৰু সেয়ে বোধহয় বন্ধুসকলে তেওঁক 'পেলে' বুলিছিল। তেওঁ যেতিয়া প্ৰফেছনেল খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিলে তেতিয়া তেওঁৰ গুণগ্ৰাহীসকলে সেই একেটা নামেৰে তেওঁক মাতিবলৈ ল'লে আৰু এনেকৈয়ে নাছিমেন্টো বা ডিকো, 'পেলে' নামেৰেহে প্ৰখ্যাত হৈ পৰিল। 
      খেলুৱে জীৱনত পেলেই ‍১,৩৬৩ খন খেল খেলিছিল। গ'ল দিছিল ১,২৮১ টা। ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনৰ ফুটবলৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। পেলে দেখাত ক'লা আছিল যদিও ফুটবলত দেখুওৱা বিৰল দক্ষতাৰ বাবে মানুহে তেওঁক মূল্যৱান মুকুতাৰ লগতহে তুলনা কৰিছিল আৰু মৰমতে তেওঁৰ নাম দিছিল ক'লা মুকুতা (Black Pearl) ব্ৰাজিল চৰকাৰে পেলেক জাতীয় সম্পদ বুলি ঘোষণা কৰে আৰু পাচত ক্ৰীড়ামন্ত্ৰীৰ পদো যাচে। পেলেই 'এছকেপ টু ভিক্টৰি' নামৰ চলচ্চিত্ৰ এখনতো সুন্দৰ অভিনয় কৰিছে। ফুটবলৰ নিকা আৰু জনপ্ৰিয় কৰি তোলাত পেলেৰ যথেষ্ট অৱদান আছে।

Post a Comment

0 Comments