'
এক্সিট পল'ত ভোটাৰে ভোট দি অহাৰ পাচতে তেওঁলোকৰ কিছুসংখ্যকক কাক দি আহিল সোধা হয় আৰু তাৰ ভিত্তিত বিশ্লেষণ কৰি নিৰ্বাচনৰ ফলৰ পূৰ্বানুমান কৰা হয়। আনহাতে 'অপিনিয়ন পল'ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই এনে প্ৰশ্ন সোধা হয় আৰু তাৰ ভিত্তিত নিৰ্বাচনত কোন বিজয়ী হ'ব তাৰ ভৱিষ্যদ্বাণী কৰা হয়। অৱশ্যে দুয়ো ক্ষেত্ৰতে প্ৰশ্ন সোধা ভোটাৰসকলক নিৰ্বাচন কৰোতে বহুকেইটা দিশ বিবেচনা কৰা হয়। দুয়োবিধতে নিৰ্বাচনৰ ফকত পূৰ্বানুমান কৰা হ'লেও ইহঁতৰ মাজত মূল পাৰ্থক্য হ'ল 'এক্সিট পল'ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত (কিন্তু ভোট গণনা আৰম্ভ হোৱাৰ আগত) আৰু 'অপিনিয়ন পল'ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগত পূৰ্বানুমান কৰা হয়।


0 Comments