ইংৰাজী 'ৱেডিং' (Wedding) শব্দটো ক'ৰ পৰা আহিল?

ইংৰাজী 'ৱেডিং' (Wedding) শব্দটো ক'ৰ পৰা আহিল?

  

     ৱেডিং (অসমীয়াত বিয়া) শব্দটোৰ লগত পাশ্চাত্যৰ এটা প্ৰাচীন সামাজিক প্ৰথাৰ ইংগিত আছে,--দৰাই কইনাক কিনিছে! এৰা, ৱেডিং শব্দটোৰ উৎসই সেই কথাকে কয়। প্ৰাচীন কালত কোনো কোনো সমাজত কইনাৰ পিতৃ-মাতৃ‍ৰ পৰা দৰাই কইনাক কিনি লোৱাৰ প্ৰথা আছিল। এনেদৰে কিনি লোৱাৰ প্ৰথাৰ নাম আছিল, 'ৱেড'(wed)। দৰাই ধন-সোণ, গৰু, ঘোঁৰা, ছাগলী আদি জামিন হিচাপে কইনাৰ পিতৃক দিব লাগিছিল। পৰৱৰ্তী কালত এই ৱেড শব্দ পৰাই ৱেডিং শব্দটোৰ জন্ম হয়। ইংৰাজীত দৰাক ব্ৰাইডগ্ৰুম (Bridegroom) বোলে। এইটোও এটা পুৰণা প্ৰথা। প্ৰাচীন কালত বিয়াৰ দিনা দৰাই কইনাৰ প্ৰতি তেওঁৰ (দৰাৰ) আন্তৰিক ভালপোৱা প্ৰদৰ্শনৰ বাবে কইনাৰ খোৱা মেজৰ কাষত থিয় হৈ আছিল। 'গ্ৰুম' (Groom) শব্দটোৰ অৰ্থ হ'ল যি আহাৰ পৰিবেশন কৰে। সেয়ে ব্ৰাইডগ্ৰুম শব্দটোৰ অৰ্থ হ'লগৈ যি কইনাক খাদ্য পৰিবেশন কৰে ! 

Post a Comment

0 Comments