এ বি চি (ABC) ৰাষ্ট্ৰ বুলিলে কাক বুজায় ?

এ বি চি (ABC) ৰাষ্ট্ৰ বুলিলে কাক বুজায় ?

 

  
    পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাদেশ দক্ষিণ আমেৰিকাত মুঠ ১৯ খন ৰাষ্ট্ৰ আছে। এই আটাইকেইখন ৰাষ্ট্ৰৰ ভিতৰত তিনিখন ৰাষ্ট্ৰ বেছ উন্নত। এই ৰাষ্ট্ৰকেইখন হ'ল যথাক্ৰমে আৰ্জেণ্টিনা (Argentina), ব্ৰাজিল (Brazil) আৰু চিলি (Chile)। তিনিখন ৰাষ্ট্ৰ‍ৰ প্ৰথম আখৰকইটাৰ দ্বাৰা এনেদৰে ABC ৰাষ্ট্ৰ‍ৰূপে পৰিচিত। এই ৰাষ্ট্ৰবোৰ‍ৰ মাজত সকলোতকৈ উন্নত হ'ল আৰ্জেণ্টিনা। আয়তন ২৭,৬৬,৮৮৯ বৰ্গ কিলোমিটাৰ, জনসংখ্যা (২০০২) ৩,৭৮,১২,৮১৭, ৰাজধানী বুয়েনছ আয়াৰ্ছ। ৮৫ শতাংশ চহৰবাসী। উন্নতিৰ দিশৰ পৰা দ্বিতীয় স্থান হ'ল ব্ৰাজিলৰ। দক্ষিণ আমেৰিকাৰ বৃহত্তম ৰাষ্ট্ৰ হোৱাৰ লগতে ই পৃথিৱীৰ পঞ্চম বৃহত্তম ৰাষ্ট্ৰ। আয়তন ৮৫,১১,৯৭০ বৰ্গ কিলোমিটাৰ। জনসংখ্যা (২০০২) ১৭,৬০,২৯,৫৬০। ৰাজধাণী ব্ৰাছিলিয়া। জনসংখ্যাৰ ৭৫ শতাংশ নগৰবাসী। তাৰ পিচৰ দেশখন হ'ল চিলি। আয়তন ৭,৫৬,৯৪৫ বৰ্গ কিলোমিটাৰ। জনসংখ্যা (২০০২)১,৫৪,৯৮,৯০০। ৰাজধানী ছাণ্টিয়াগো।

Post a Comment

0 Comments