এলোপেথিক (Allopathic) আৰু হোমিঅ'পেথিক (Homeopathic) চিকিৎসা পদ্ধতিৰ মাজত মূল পাৰ্থক্য কি?

এলোপেথিক (Allopathic) আৰু হোমিঅ'পেথিক (Homeopathic) চিকিৎসা পদ্ধতিৰ মাজত মূল পাৰ্থক্য কি?

   

       এলোপেথিক পদ্ধতিত ঔষধৰ সহায়ত দেহত কিছুমান প্ৰতিক্ৰিয়া সৃষ্টি কৰি ৰোগৰ চিকিৎসা কৰা হয়। ৰোগটোৰ ফলত শৰীৰত যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, তাৰ লগত এই প্ৰতিক্ৰিয়াৰ মিল নাথাকে আৰু বহুক্ষেত্ৰত ই প্ৰশমমূলক বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰে। এই পদ্ধতি‍ত একে ধৰণৰ লক্ষণ সৃষ্টি কৰিলেও, বিভিন্ন ৰোগৰ বাবে বিভিন্ন ঔষধ ব্যৱহাৰ কৰা হয়। আনহাতে হোমিঅ'পেথিক পদ্ধতিত 'লেট লাইকছ কিঅ'ৰ লাইকছ' (Let likes cure likes) নিয়ম মানি ধৰি লোৱা হয় যে সুস্থ মানুহৰ দেহত এটা দ্ৰব্যই যি লক্ষণৰ সৃষ্টি কৰে, অসুস্থ মানুহৰ ক্ষেত্ৰত সেই দ্ৰব্যই একেটা লক্ষণ উপশম কৰিব আৰু এই নিয়মতে ঔষধ প্ৰয়োগ কৰা হয়। সাধাৰণতে এই পদ্ধতিত একেধৰণৰ লক্ষণৰ বাবে (ৰোগ যিয়েই নহওক) একে ঔষধ, ব্যৱহাৰ কৰা হয়।   

Post a Comment

0 Comments