কম্পিউটাৰ ভাইৰাছ হ'ল কম্পিউটাৰ ছফটৱেৰৰে এক অংশ। ই নিজৰ প্ৰতিলিপি সৃষ্টি কৰিব পাৰে আৰু এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ব্যৱহাৰকাৰীয়ে নজনাকৈয়ে বিস্তৃতি লাভ কৰিব পাৰে। কিছুমান ভাইৰাছ তুলনামূলকভাৱে কম অপকাৰী, কিন্তু আন কিছুমান কম্পিউটাৰৰ সঞ্চিত তথ্যবোৰ নষ্ট কৰি পেলাব পাৰে। অসৎ উদ্দেশ্যত কোনো অচিনাক্ত আৰু অভিজ্ঞ প্ৰগ্ৰেমাৰে এই ভাইৰাছ প্ৰগ্ৰেমবোৰ সৃষ্টি কৰে আৰু টেলিফোন লাইন বা ফ্লপি ডিস্কৰ সহায়ত সেইবোৰক বিয়পাই দিয়ে। অৱশ্যে আজিকালি এণ্টিভাইৰাছ ছফটৱেৰৰ কিছুমানো বিকশিত হৈছে আৰু সেইবোৰ বিখ্যাত ভাইৰাছবোৰ ধৰা পেলাই নষ্ট কৰি পেলাব পাৰে। কিন্তু ন ন ভাইৰাছ ওলায়েই আছে আৰু এনে ভাইৰাছবোৰৰ ক্ষেত্ৰত সেই এণ্টি-ভাইৰাছ ছফটৱেৰে কাম নকৰিবও পাৰে। ২০০ চনৰ মে'মাহত 'আই লাভ ই উ' নামৰ কম্পিউটাৰ ভাইৰাছবিধে কেইবা নিযুত কম্পিউটাৰৰ ক্ষতি সাদন কৰিছিল। আৰ্জেটিনাৰ এজন অসৎ হেকাৰে ২০০০ চনৰে জুন মাহত ইমেইলৰ জৰিয়তে মেলি দিছিল 'ষ্টেজেছ' (stages) নামৰ ভাইৰাছ। তাৰ পাচতো বহু মাৰাত্মক ধৰণৰ ভাইৰাছৰ আক্ৰমণ কম্পিউটাৰ জগতত হৈয়েই আছে।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS


0 Comments