প্ৰাচীন যুগতো এতিয়াৰ দৰেই অধিকাংশ মানুহেই সোঁহতীয়া আছিল। তেওঁলোকে বাওঁহাতেৰে ঢালখন ধৰি সোঁহাতেৰে যাঠি, তৰোৱাল আদি ধৰিছিল। ৰাস্তাৰে যাওঁতে দুজনৰ মাজত দেখা হ'লে, বান্ধুত্ব প্ৰকাশৰ বাবে সকলো সময়তে বাওঁহাতখনহে আগবঢ়াই দিছিল যাতে হঠাতে ইজনে আক্ৰমণ কৰিলে বাওঁহাতৰ ঢালখনে তেওঁক ৰক্ষা কৰে। সেইবাবে ৰাস্তাৰ সোঁফালে অংশ ব্যৱহাৰ কৰিছিল। ৰোমান সেনাধ্যক্ষসকলেও সৈন্যসকলৰ ঢালবোৰক আক্ৰমণৰ ক্ষেত্ৰত সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে, সৈন্যসকলক ৰাস্তাৰ সোঁফালেৰে খোজ কঢ়াৰ নিৰ্দেশ দিছিল। পাচলৈ আন মানুহবোৰেও তেনেদৰে খোজ কাঢ়িবলৈ ল'লে। পাচৰ সময়ত ইংলেণ্ডৰ সৈনিকসকলৰ মাজত, ঘোঁৰাৰ পিঠিত উঠি যাঠি মৰা এক প্ৰকাৰ খেল বেছ জনপ্ৰিয় হৈ উঠিছিল। এই খেলত দুজন ইংৰাজ সৈনিক ঘোঁৰাত উঠি বিপৰীত ফালৰ পৰা আহি আৰু সোঁহাতত থকা যাঠিৰ সহায়ত ইজনে সিজনক আক্ৰমণৰ চেষ্টা কৰে। সোঁহাতেৰে আক্ৰমণ আৰম্ভ কৰা বাবে তেওঁলোকে আহোতে ৰাস্তাৰ বাওঁফালটো ব্যৱহাৰ কৰিছিল। পৰৱৰ্তীকালত এই খেলৰ বিলুপ্তি ঘটে, কিন্তু প্ৰতিপক্ষক সোঁফালৰ পৰা আক্ৰমণ কৰাৰ উদ্দেশ্যে ইংৰাজ সৈনিকসকলে ৰাস্তাৰ বাওঁকাষটো ব্যৱহাৰ কৰিবলৈ ল'লে। পাচত ইংৰাজশাসিত দেশসমূহত, ইংৰাজসকলৰ এই প্ৰথা প্ৰচলন হ'ল, অৰ্থাৎ, তাৰ মানুহেও ৰাস্তাৰ বাওঁকাষেদি খোজ কাঢ়ি বলৈ ললে। আন দেশসমূহত ৰাস্তাৰ সোঁফালেৰে চলাচল কৰাৰ প্ৰথা চলি থাকিল। সেইবাবে ভাৰতকে ধৰি এসময়ত ইংৰাজৰ অধীন দেশসমুহত সাধাৰণভাৱে ৰাস্তাৰ বাওঁকাষে যোৱাটো আৰু আন দেশসমুহৰ ৰাস্তাৰ সোঁকাষেৰে যোৱাটো প্ৰচলন হৈ থাকিল। অৱশ্যে এই শ্ৰেণী বিভাগ একেবাৰে দৃঢ় নহয়। দুই-এটা ক্ষেত্ৰত তাৰ বিপৰীতটোও দেখা যায়।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS



0 Comments