প্ৰাচীন ৰোমত, নিজৰ প্ৰিয়জনৰ মৃত্যু হ'লে মহিলাসকলে লুগুব্ৰিয়া (Lugubria) নামৰ এক প্ৰকাৰৰ ক'লা পোছাক পিন্ধিছিল। পাচত ৰাজকীয়া আদেশ দিয়া হ'ল যে কাৰোবাৰ মৃত্যুত দুখ প্ৰকাশ কৰিবলৈ হ'লে বগা পোছাক পিন্ধিব লাগিব। তাৰ পাচৰ বহুদিন বগা ৰঙেই দুখৰ ৰং হিচাপে চিহ্নিত হৈ থাকিল। প্ৰধানকৈ ফ্ৰান্স, স্পেইন আৰু ইংলেণ্ডত কাৰোবাৰ মৃত্যুত দুখ কৰিবলৈ হ'লে বগা পোছাক পিন্ধাটো নিয়ম হৈ পৰিছিল। ১৪৯৮ চনত এই নিয়মৰ ব্যতিক্ৰম ঘটালে অষ্টম চালৰ্ছৰ বিধবা 'এনি অব ব্ৰিটানী'য়ে। তেওঁ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত ক'লা ৰঙৰ এক পোছাক পিন্ধি উপস্থিত আছিল। ৰোমান যুগৰ পাচত প্ৰথম সেয়াই আছিল 'ক'লা শোক প্ৰকাশ'। জনশ্ৰুতিমতে ক'লা পোছাকযোৰে এনিক ইমান তুলি ধৰিছিল যে নতুন ৰজা ষষ্ঠ লুইয়ে মুগ্ধ হৈ এনিক তেওঁৰ পত্নী কৰি ল'লে। দ্বিতীয়বাৰৰ বাবে এনি ফ্ৰান্সৰ ৰাণী হ'ল। তাৰ পাচৰ পৰাই 'দুখৰ ৰং' হিচাপে ক'লা ৰঙেই ব্যৱহৃত হ'বলৈ আৰম্ভ কৰিলে।
- Home
- About Us
- Art & Painting
- Magazine & Novel Books
- School Book
- _Class 9
- __ENGLISH
- _Class 10 (Coming soon)
- English
- _Facts
- _Quotes and Speeches
- _Biography
- _Applications/Letters
- _Essays
- _Story's
- ASSAMESE
- _Facts
- _Poem
- _Assamese Story's
- __Short Story's
- __Love Story's
- __Horror (Coming soon)
- __Thriller ( Coming soon)
- _Letters
- _Essays (Coming Soon)
- _Biography (Coming Soon)
- NEWS


0 Comments