কলাকৰ্ষণ বা টিছু কালচাৰ (Tissue Culture) কি ?

কলাকৰ্ষণ বা টিছু কালচাৰ (Tissue Culture) কি ?


    কলাকৰ্ষণ হ'ল এক প্ৰকাৰ‍ৰ কৌশল যাৰ সহায়ত প্ৰাণী বা উদ্ভিদৰ ক্ষুদ্ৰ অংশ বা পৃথকীকৃত কোষক, মূল জীৱদেহৰ পৰা আঁতৰাই অনাৰ পাচতো জীয়াই ৰাখিব পৰা যায়। সাধাৰণতে এনে অংশ বা কোষ সমষ্টিক, এটা কাঁচৰ পাত্ৰ‍ৰ ভিতৰত নিৰ্দিষ্ট গুণসম্পন্ন এক উপযুক্ত মাধ্যমত ৰখা হয়। অৱশ্যে তাৰ আগতে সেইবোৰ‍ৰ পৰা বেক্টেৰিয়া, ভেঁকুৰ আদি বাহিৰা অণুজীৱবোৰ আঁতৰ কৰি ল'ব লাগিব। নিৰৱচ্ছিন্নভাৱে আহাৰ যোগান ধৰাৰ বাবে মাধ্যমটো সঘনাই সলনি কৰি থাকিব লাগে। ডাঙৰ কোষ কলাৰ ক্ষেত্ৰ‍ত এনে কৌশল ব্যৱহাৰ কৰিব নোৱাৰি। কাৰণ সেই ক্ষেত্ৰত কোষকলাৰ মাজত অংশবোৰ প্ৰয়োজনীয় খাদ্যৰ বাবে (আৰু নিয়মীয়া নিঃসৰণৰ বাবে) মাধ্যমটোৰ সংম্পৰ্শলৈ আহিব নোৱাৰে।

Post a Comment

0 Comments