মাননীয়
ব্লক ডেভলপমেন্ট অফিবাৰ (বি.ডি.অ) সমীপেষু
ব্লক : চন্দ্ৰপুৰ, পোষ্ট অফিচ : চন্দ্ৰপুৰ,
জিলা : কামৰূপ (মেট্ৰ')
বিষয় : ৰিলিফ আৱণ্টনৰ বাবে প্ৰাৰ্থনা। মাননীয় মহাশয়,
সন্মান পূৰ্ব্বক আপোনাক জনোৱা হয় যে আমি চন্দ্ৰপুৰ ব্লকৰ অন্তৰ্গত হাতীশিলা, বুঢ়া চাপৰি, নেপালী গাঁও আৰু সেন্দুৰী নগৰৰ স্থানীয় বাসিন্দা। মহোদয়, যোৱা সপ্তাহত পাৰ হৈ যোৱা প্ৰবল ধুমুহা আৰু ঘূৰ্ণী বতাহত আমাৰ এই অঞ্চল বৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলৰ বেছিভাগ বাসিন্দাৰে বৰ্তমান থাকিবলৈ ঘৰ-বাৰী নোহোৱা হৈছে, যাৰবাবে অস্থায়ীভাবে স্থানীয় চন্দ্ৰপুৰ হাইস্কুলত আশ্ৰয় ল'বলগীয়া হৈছে। গতিকে আপোনাৰ ওচৰত আমাৰ এয়ে প্ৰাৰ্থনা যেন ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক উপযুক্ত পৰিমাণে ৰিলিফ সামগ্ৰী আৱণ্টন দি বাধিত কৰে।
তাৰিখ : ২৪/০৪/২০১০
স্থান : চন্দ্ৰপুৰ ইতি----
আপোনাৰ বিশ্বাসী,
1) শ্ৰীবিচিত্ৰ মণ্ডল,
2) শ্ৰীগোবিন্দ কৰ্মকাৰ,
আৰু বহুতো


0 Comments