প্ৰতি
বাৰ্থ ৰেজিষ্ট্ৰাৰ,
.........পৌৰ নিগম
মহাশয়,
যথাবিহিত সন্মানপূৰ্বক নিবেদন এই যে, মোৰ পুত্ৰ শ্ৰীমান........... পাঁচ বছৰ আগতে এই চহৰত জন্ম গ্ৰহণ কৰে। সেইমাতে সেই সময়ত তাৰ জন্ম আপোনালোকৰ অফিচত নথিভুক্ত কৰা হয়। এতিয়া তাক স্কুলত ভৰ্তি কৰিব লগা হোৱাৰ বাবৰ জন্মৰ প্ৰমাণ পত্ৰৰ আৱশ্যক হৈছে।
সেয়েহে আপোনাৰ ওচৰত মোৰ অনুৰোধ, অনুগ্ৰহ কৰি তাৰ জন্মৰ প্ৰমাণ পত্ৰখন দি বাধিত কৰিব।
আশা কৰো, মোৰ প্ৰয়োজনৰ কথা বিবেচনা কৰি অবিলম্বে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ধন্যবাদ----
আবেদনকাৰীৰ ঠিকনা---
তাৰিখ........ আপোনাৰ বিশ্বাসী
..........................


0 Comments