মাননীয়
মহকুমাধিপতি (এচ.ডি.অ)
ৰঙিয়া মহকুমা সমীপেষু,
পোঃ অঃ : ৰঙিয়া
জিলা : কামৰূপ (গ্ৰাম্য)
বিষয় : আইন শৃংখলাৰ অৱনতিৰ অভিযোগ ।
মহাশয়/মহাশয়া,
সন্মান পূৰ্ব্বক নিবেদন এই যে আমি ৰঙিয়া মহকুমাৰ অন্তৰ্গত বনগাঁৱৰ স্থানীয় বাসিন্দা। আজি সুদীৰ্ঘদিন ধৰি আমি এই গাঁৱত বাস কৰি আহিছো বিশেষ কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল। কিন্তু আজি কিছুদিনৰ পৰা আমাৰ গাঁৱত সঘনে চুৰি, ডকাইতিৰ ঘটনা হৈ আছে যাৰ বাবে গাঁৱাৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হৈছে। এই বিষয়ে ৰঙিয়া থানাত এজাহাৰ দিয়া হৈছে যদিও বিশেষ ফল ধৰা নাই।
গতিকে উপায়হীন হৈ আমি আপোনাৰ ওচৰ চাপিছোঁ যাতে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে আপুনি আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমাক প্ৰদান কৰিব।
আশাকৰোঁ আপোনাৰ সহযোগিতা আৰু সমানুভূতি আমি পাম।
তাৰিখ : ২৫/১১/২০১০ ইতি---
স্থান : বনগাঁও, ৰঙিয়া আপোনাৰ বিশ্বাসী
শ্ৰীৰবীন কলিতা
শ্ৰীচন্দ্ৰকান্ত দাস
শ্ৰীঅমল বৰুৱা ইত্যাদি


0 Comments