প্ৰেমিকা:- ১৪ তাৰিখে মোক লগ কৰিবা দেই
প্ৰেমিক:- চিঅ'ৰ ক'ব নোৱাৰিম। আজৰি থাকিলে লগ কৰিম।
প্ৰেমিকা:- থিক আছে । মোৰ বাবে কি আনিবা?
প্ৰেমিক:- কিবা আনিব লাগিব নি?
প্ৰেমিকা:- উমমম !!!
প্ৰেমিক:- কিয়? তোমাৰ জন্মদিনতো এপ্ৰিলত হে? এতিয়াতো ফেব্ৰুৱাৰী মাহহে।
প্ৰেমিকা:- সেই বাবেইতো কৈছো
প্ৰেমিক:- কিন্তু কিয়?
প্ৰেমিকা:- তুমি সঁচাকৈয়ে নাজানা হে?
প্ৰেমিক:- তোমাৰ মুখেৰে শুনিব খুজিছো।
প্ৰেমিকা:- সেইদিনটোত, মানুহে ভালপোৱা জনক কিবা কিবি উপহাৰ দিয়া।
প্ৰেমিক:- কি দিয়ে?
প্ৰেমিকা:- ফুল, চকলেট, ভাল ভাল গিফট আদি দিয়ে।
প্ৰেমিক:- কিয় দিয়ে?
প্ৰেমিকা:- ভালপোৱা প্ৰকাশ কৰিবৰ বাবে দিয়ে আকৌ !!
প্ৰেমিক:- এইবোৰ নিদিলে ভালপোৱা কমি যায় যায় নেকি?
প্ৰেমিকা:- নাযায়?
প্ৰেমিক:- তেনেহ'লে?
প্ৰেমিকা:- সকলোৱে দিয়ে বাবে কৈছো আকৌ !!
প্ৰেমিক:- তাৰমানে, মইও কিবা এটা দিব লাগিব নি?
প্ৰেমিকা:- হুমম । একো দিব নোৱাৰিলেও, ফুল এপাহটো দিব পাৰিবা !
প্ৰেমিক:- দিব পাৰি। পিছে কি লাভ হ'ব? অলপ পিছতেইটো সেইপাহ মৰহি যাব ।
প্ৰেমিকা:- কি হ'ল পিছে? গছত থাকিলেও এধিন নহয় এদিন মৰহি যাব ।
প্ৰেমিক:- গছত থাকিলে সি কেতিয়াও নষ্ট হৈ নাযায়। ৰূপৰহে পৰিৱৰ্তন হয়। তথাপিও তাৰ নিজস্বতা থাকিব।
প্ৰেমিকা:- তাৰমানে ফুল এপাহ ও নিদিয়া?
প্ৰেমিক:- নিদিয়াই ভাল। অযথা নিজ হাতে ফুল এপাহ নষ্ট কৰি অকনো ভাল নালাগে।
প্ৰেমিকা:- একোৱেই নানা ??
প্ৰেমিক:- কেৱল মইহে যাম।
প্ৰেমিকা:- নালাগে যা । ব্ৰেকআপ ।
প্ৰেমিক:- মানে?
প্ৰেমিকা:- তোমাৰ লগতে আৰু মোৰ কোনো সম্পৰ্ক নাই !
প্ৰেমিক:- আগতে আছিল জানো ?
প্ৰেমিকা:- মানে ? নাছিল নেকি ?
প্ৰেমিক:- নাছিল যেনেই লাগিছে।
প্ৰেমিকা:- কি কৈছা তুমি ?
প্ৰেমিক:- থকা হ'লে ইমান সহজে ব্ৰেকআপ দিব নোৱাৰিলা হয় । মূৰ্খৰ দৰে ফুল এপাহৰ বাবে কাজিয়াও নকৰিলা হয় ॥ মোৰ চকুলৈ চাই অথবা মোৰ হাতত হাত থৈয়েই ভালপোৱা অনুভৱ কৰিব পাৰিলা হয় ! হাজাৰ গিফটৰ কথা নকৈ, মোৰ সৈতে কটোৱা হাজাৰ মিনিটৰ স্মৃতি ৰোমন্থন হাঁহিব পাৰিলা হয়।
* * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * *
প্ৰেমিক:- কি হ'ল ?
প্ৰেমিকা:- বহুত ভাল পাও তোমাক।
প্ৰেমিক:- এই অলপ আগতেই দেখুন ব্ৰেক আপৰ কথা কৈছিলা?
প্ৰেমিকা:- খঙত কৈছিলো ।
প্ৰেমিক:- ইমান জল্ডি খং শেষ হৈ গ'ল ?
প্ৰেমিকা:- হুমমমম ।
প্ৰেমিক:- বাৰু ! থিক আছে। কি ফুল আনিব লাগিব ?
প্ৰেমিকা:- নালাগে আনিব।
প্ৰেমিক:- নহ'ব মই আনিমেই। নহ'লে ভালপোৱা কেনেকৈ প্ৰকাশ হ'ব। স্মৃতিবোৰটো ধৰি ৰাখিব লাগিব সেইবোৰ নহলে কি হ'ব?
প্ৰেমিকা:- চুপ !! কেৱল তুমি আহিলেই হ'ব ।
প্ৰেমিক:- কিয়?
প্ৰেমিকা:- কাৰণ, মোৰ বাবে তুমিয়েই সকলো ।
প্ৰেমিক:- ইমাণ, সোনকালে কেনেকৈ বুজিলা ? তোমাৰ IQ টেষ্ট কৰিব লাগিব ।
প্ৰেমিকা:- দৰকাৰ নাই ! তুমি লগত থাকিলে সকলো ভালেই থাকিব ।
প্ৰেমিক:- পাগলি !! মই সদায় তোমাৰ লগতেই আছো
(বন্ধু বান্ধৱীসকল ভালপোৱা প্ৰকাশ কৰিবৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰয়োজন নাই !!!
ভালপোৱা সকলো সময়ৰেই সংগী ।)
Thank you for reading
Please keep support us
Like, Comment, and share with all.

6 Comments
ভাল লাগিল পঢ়ি।
ReplyDeleteসুন্দৰ প্ৰস্তুতি।
❤️❤️🔥
Thank youu so muchh
DeleteOti hundor
ReplyDeleteThank you so much
Deleteএকমত 😛😛💕
ReplyDeleteHihi thank you
Delete