পাৱজি (PUBG)

পাৱজি (PUBG)

পাৱজি (PUBG) 

A story by Janmoon Rajkumari...
Cartoonist :- Spandan Gogoi
        - মাৰ মাৰ। আৱে মাৰ ৱে পিছফালে। কেলা মোৰ পিছফালে। মাৰ মাৰ। খতম। বঢ়িয়া

    ল'ৰাটোৱে এনেকৈ অমূল্য সময়বোৰ নষ্ট কৰি আছে। পাৱগি(PUBG) খেলি থাকিলে সি সময়ৰ কথা গমেই নাপায়। দিন নাই, ৰাতি নাই। তাৰ পৰীক্ষালৈ আৰু কেই দিন। তাৰ মুখৰ অশালীন শদ্ববোৰে মোক বৰ দুখ দি যায়। নিজৰ ল'ৰাটো ধ্বংসৰ গৰালৈ সোমাই গৈ থকা কোন মাকে চাই থাকিব পাৰে। সেয়ে সৰুতে সময়ত নপঢ়িলে ব্যৱহাৰ কৰা বেটডাল উলিয়াই ল'লো।  ডেকা হ'লেও সি মোৰ বাবে সদায় সেই কনমানিটো। সি কিন্তু মোৰ মাৰটো সহজে নলৈ মোক ফেপেৰি পাতি আহিলে। ফোনটো কাঢ়িবলৈ যত্ন কৰিলে। 
খঙতে মই তাৰ ফোনটো নি ঘৰ‍ৰ পিছফালৰ পুখুৰীটোলৈ দলিয়াই দি ভিতৰ সোমালো। সি খঙতে ঘৰ‍ৰ পৰা ওলাই গ'ল। গ'ল যি গ'ল বহু সময় হ'ল। তেনেতে আমাৰ পুখুৰীৰ ফালে চিঞৰ-বাখৰ শুনিবলৈ পালে। মই দৌৰি ওলাই গৈ দেখা দৃশ্যত সম্বিত হেৰুৱালো।

এতিয়া ভাব হয় নষ্ট হ'বলৈ দিয়া হ'লেই ভাল হ'ল হেঁতেন‍নি !

Thank You for reading.

Like comment and share it...

Post a Comment

4 Comments